আমগুৰিঃ হোলিৰ ৰং-ৰহইচৰ মাজতে আমগুৰিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী টিফুক চাহ বাগিছাৰ সোণাপুৰ বস্তিত শুকুৰবাৰে দুপৰীয়া সংঘটিত এক অগ্নি কাণ্ডৰ ঘটনাত এটা বাসগৃহ সম্পুৰ্ণৰূপে জাহ যায়।
অগ্নি কাণ্ডত বহু লক্ষ টকা মূল্যৰ সা-সম্পত্তিৰ ক্ষতি হয়। উল্লেখ্য যে, হোলীৰ নিয়ম অনুসৰি চুকুৰা ক’ল নামৰ ব্যক্তিজনে তেওঁৰ পৰিয়ালসহ শশুৰেকৰ ঘৰলৈ পুৱাতেই দুৱাৰত তলা মাৰি যোৱাৰ পৰতে বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰপাত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।