newsnextone.com | আমগুৰিঃ সমগ্ৰ ৰাজ্যই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সমানে সমানে শিৱসাগৰ জিলাতো দল-সংগঠনে অব্যাবক ৰাখিছে উত্তাল প্ৰতিবাদ৷ যোৱা কেইবাটাও দিন ধৰি শিৱসাগৰ জিলাৰ উত্তাল হৈ থকাৰ সময়তে শনিবাৰে জিলা খনৰ অধিনৰ আমগুৰিত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে উত্তল প্ৰতিবাদ সাব্যস্ত কৰে৷
বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, টাই আহোম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আহোম সেনাকে ধৰি কুৰিটাৰো অধিক সংগঠনৰ আহ্বানত একত্ৰিত হোৱা কেইবাশতাধিক লোকে বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত আমগুৰি চহৰ উত্তাল কৰি তোলে৷ চহৰৰ মাজেৰে বৃহৎ প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷