newsnextone.com | আমগুৰিঃ বৃহস্পতিবাৰে পুৱাৰে পৰা অসম-নগালেণ্ড সীমান্তৰ “F” চেক্টৰত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে কুৰিটা জাতীয় সংগঠনে ৪৮ ঘণ্টীয়া পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখ্য যে, সোমবাৰে অসম-নগালেণ্ড সীমান্তৰ নগাগেটৰ সমীপত ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত অসম বেটেলিয়নৰ সীমান্ত পহৰা চকী নিৰ্মাণৰ বাবে নিবিদা লাভ কৰা প্ৰতিষ্ঠান R B Engineeringৰ বনুৱাই হাবি চাফা কৰাৰ সময়তে একাংশ নগা লোকে উক্ত ভূমিখণ্ড নগালেণ্ডৰ বুলি দাবী কৰি কাম বন্ধ কৰি দিছিল।
ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে আমগুৰিৰ অসম নগালেণ্ড সীমান্তৰ হালোৱাটিঙত বৃহস্পতিবাৰে পুৱাৰে পৰা কুৰিটাকৈ জাতীয় সংগঠনে নগালেণ্ডৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ৪৮ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী আৰম্ভ কৰিছে।