newsnextone.com | আমগুৰিঃ বৃহস্পতিবাৰে পুৱাৰে পৰা অসম-নগালেণ্ড সীমান্তৰ "F" চেক্টৰত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে কুৰিটা জাতীয় সংগঠনে ৪৮ ঘণ্টীয়া পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখ্য যে, সোমবাৰে অসম-নগালেণ্ড সীমান্তৰ নগাগেটৰ সমীপত ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত অসম বেটেলিয়নৰ  সীমান্ত পহৰা চকী নিৰ্মাণৰ বাবে নিবিদা লাভ কৰা প্ৰতিষ্ঠান  R B Engineeringৰ বনুৱাই হাবি চাফা কৰাৰ সময়তে একাংশ নগা লোকে উক্ত ভূমিখণ্ড নগালেণ্ডৰ বুলি দাবী কৰি কাম বন্ধ কৰি দিছিল। 

ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে আমগুৰিৰ অসম নগালেণ্ড সীমান্তৰ হালোৱাটিঙত বৃহস্পতিবাৰে পুৱাৰে পৰা কুৰিটাকৈ জাতীয় সংগঠনে নগালেণ্ডৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ৪৮ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী আৰম্ভ কৰিছে। 

অসম-নগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসী ভূমিকাৰ প্ৰতিবাদত আটাছু, আটছা, আহোম জাতীয় গণ মঞ্চ অসম, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আহোম সেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ-শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, টাইপা আৰু আছা আদি বিভিন্ন জাতীয় সংগঠনৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা হৈছে এই প্ৰতিবাদ । 

উল্লেখ্য যে, যোৱা সোমবাৰ আৰু মঙলবাৰে অসম-নগালেণ্ড সীমান্তৰ নগাগেটৰ সমীপত ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত অসম বেটেলিয়ন এটা সীমান্ত পহৰা চকী নিৰ্মাণৰ বাবে নিবিদা লাভ কৰা প্ৰতিষ্ঠান R B Engineering বনুৱাই হাবি চাফা কৰাৰ সময়তে একাংশ নগা লোকে উক্ত ভূমিখণ্ড নগালেণ্ডৰ বুলি দাবী কৰি কাম বন্ধ কৰি দিছিল।

এই ঘটনাৰে প্ৰতিবাদত হালোৱাটিঙত নগালেণ্ড প্ৰশাসনে অসমৰ মাটিত স্থাপন কৰা চেকগেট নগালেণ্ডৰ ভূমিলৈ স্থানান্তৰিত কৰা, নগাৰ আগ্ৰাসন বন্ধ কৰা, হালোৱাটিঙত স্থাপন কৰিবলৈ লোৱা অসমৰ সীমান্ত পহৰা চকী পূৰ্ব নিৰ্দ্ধাৰিত স্থানতেই তৎকালে নিৰ্মাণ কৰা, যোৱা ২৪ জুলাইত নগা দুৰ্বৃত্তই সীমান্তত কৰ্তব্যৰত সাংবাদিকক প্ৰাণনাশৰ চেষ্টা চলোৱা আৰু একেদিনাই চেলেংহাট চাহ বাগিচাৰ পৰিচালকলৈ গুলিচালনা কৰা ঘটনাৰ সতে জড়িত নগা দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত সংগঠনসমূহে ৪৮ ঘণ্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰি আমগুৰিৰ মাজেৰে নগালেণ্ডলৈ যোৱা ৬১নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।