আমগুৰিঃ চাওঁতে চাওঁতে চোতাল পালেহি হেঁপাহৰ ৰঙালী। প্ৰতিজন অসমীয়াৰ অতিকে হেঁপাহৰ, আদৰৰ ৰঙালীয়ে বোকোচাত কঢ়িয়াই আনিছে শান্তি-সম্প্ৰীতি, প্ৰেম-ভাতৃত্ববোধ, আশা-সদ্ভাৱনা আৰু ৰঙৰ বতৰা। 

ৰঙালীৰ প্ৰাকক্ষণত আমগুৰিৰ দোপদৰত পৰিলক্ষিত হ'ল নাৰী সৱলীকৰণৰ সপক্ষে এক সৱল প্ৰয়াসৰ। আমগুৰিৰ দোপদৰ হাটখোলা খেলপথাৰত "প্ৰভাতী গ্ৰাম্য সংগঠন"ৰ উদ্যোগত দিনজোৰাকৈ অনুষ্ঠিত হ'ল স্থানীয় প্ৰায় ২০০ গৰাকী যুৱতী-মহিলাৰদ্বাৰা পৰিচালিত এখন বৃহৎ বজাৰ।

ৰঙালীক আদৰাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সা-সামগ্ৰীৰে উভৈনদী এই বজাৰখনত স্থানীয় মহিলাসকলৰ সেউজী, ত্ৰিবেণী, উত্তৰণ, ৰূপালীম আদিকে ধৰি মুঠ ওঠৰটা আত্মসহায়ক গোট আৰু আন আন বিপনীত উপলব্ধ হ'ল বিহুৰ বিভিন্ন পিঠা-পনা, সান্দহ, হুৰোম, কোমল চাউল, চিৰা আদি জলপান, আন বহু খাদ্যসামগ্ৰীৰ লগতে থলুৱাভাৱে মহিলাসকলে নিজে তৈয়াৰ কৰা নিত্য ব্যৱহৃত বিভিন্ন সা-সামগ্ৰী, হাতে বোৱা বিভিন্ন চাদৰ-মেখেলা আদি কাপোৰ, এমব্ৰ'ডাৰী কৰা কাপোৰ, টঙালীৰ লগতে চেনেহৰ বিহুৱানখন। বাদ নপৰিল গৰু বিহুৰ বাবে প্ৰয়োজনীয় থেকেৰা, বেঙেনা, কেৰেলা, জাতিলাউ, দীঘলতি, মাখিয়তি, জেতুকা আদিও।