60
আমগুৰিঃ চাওঁতে চাওঁতে চোতাল পালেহি হেঁপাহৰ ৰঙালী। প্ৰতিজন অসমীয়াৰ অতিকে হেঁপাহৰ, আদৰৰ ৰঙালীয়ে বোকোচাত কঢ়িয়াই আনিছে শান্তি-সম্প্ৰীতি, প্ৰেম-ভাতৃত্ববোধ, আশা-সদ্ভাৱনা আৰু ৰঙৰ বতৰা।
ৰঙালীৰ প্ৰাকক্ষণত আমগুৰিৰ দোপদৰত পৰিলক্ষিত হ’ল নাৰী সৱলীকৰণৰ সপক্ষে এক সৱল প্ৰয়াসৰ। আমগুৰিৰ দোপদৰ হাটখোলা খেলপথাৰত “প্ৰভাতী গ্ৰাম্য সংগঠন”ৰ উদ্যোগত দিনজোৰাকৈ অনুষ্ঠিত হ’ল স্থানীয় প্ৰায় ২০০ গৰাকী যুৱতী-মহিলাৰদ্বাৰা পৰিচালিত এখন বৃহৎ বজাৰ।