গুৱাহাটীঃ অশ্লীলতা তথা ধৰ্মীয় গোড়ামিৰ সকলো সীমা চেৰাই এজন আমছু নেতাই ফেচবুকযোগে হিন্দু সম্প্ৰদায়ক লৈ কৰা বিতৰ্কিত মন্তব্যই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ তথাকথিত এবিএমছু নেতাজনে বিতৰ্কিত আৰক্ষী বিষয়া অঞ্জন বৰাৰ বিধায়িকা দেহ ব্যৱসায়ত জড়িত বুলি ফেচবুকত দিয়া পোষ্টটোৰ গইনা লৈ বিতৰ্কিত পোষ্ট এটা আপলোড কৰে।

পোষ্টটোত তেওঁ বিজেপি চৰকাৰ অহাৰ পৰা হিন্দুৰ দপদপনি বাঢ়িছে বুলি কৈ সম্প্ৰদায়টোৰ ছোৱালীবোৰ অঞ্জন বৰাই কোৱাৰ দৰে নেকি বুলি প্ৰশ্ন কৰে। অশ্লীল শব্দ প্ৰয়োগেৰে তেওঁ আৰু ৪ বছৰৰ পিছত চৰকাৰ সলনি হ'লে হিন্দুসকলৰ অৱস্থা বেয়া কৰি দিব বুলিও পোষ্টটোত উল্লেখ কৰে।ইমানেই নহয়, ৪ বছৰ পিছত কামাখ্যা মন্দিৰ ভাঙি হিন্দুসকলৰ ফুটনি বাহিৰ কৰি দিব বুলিও ফেচবুকত পোষ্টটোত লিখি বিতৰ্কৰ সৃষ্টি কৰে ছাত্ৰ নেতাজনে।

এবিএমছুৰ সুকমানাহ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আমিনুৰ ৰহমানে ফেচবুক টাইম লাইনত উক্ত বিতৰ্কিত পোষ্টটো আপলোড কৰাৰ পিছ মুহূৰ্ততে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পিছতে নেতাজনে কোনো দুষ্টচক্ৰই তেওঁৰ ফেচবুক একাউণ্ট হেক কৰি সাম্প্ৰদায়িক পোষ্ট দি বিপথে পৰিচালিত কৰিব বিচৰা বুলি আন এটা আপডেট দিয়ে। ইফালে হেক কৰা বুলি দিয়া আপডেট আৰু এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে শাস্তিৰ সন্মুখীন হ'বলগীয়া হোৱাৰ ভয়তে আমিনুৰে হেকিঙৰ নাটক কৰা বুলি অভিযোগ উত্থাপন কৰিছে। 

আজি ছাত্ৰ নেতাজনে ভৱানীপুৰ আৰক্ষী চকীত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে৷ আনহাতে বিতৰ্কিত তথা সাম্প্ৰদায়িক পোষ্টটো সন্দৰ্ভত আমছুৰ কেন্দ্ৰীয় সম্পাদকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হয়৷ কেন্দ্ৰীয় সম্পাদকে আমিনুৰ ৰহমানক তাৎক্ষণিকভাৱে পদৰ পৰা নিলম্বন কৰা বুলি আজি খাৰুপেটীয়াত এখন সংবাদ মেল অনুষ্ঠিত কৰি অৱগত কৰে৷ আনহাতে আমছুৰ এনে মানসিকতা নাই বুলি কৈ এইখন অসমত সকলোৱে ভাই ভাই আৰু ভাতৃত্ববোধেৰে জীয়াই থাকিব লাগিব বুলি মন্তব্য আগবঢ়ায় সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৰ্গই।