গুৱাহাটীঃ অশ্লীলতা তথা ধৰ্মীয় গোড়ামিৰ সকলো সীমা চেৰাই এজন আমছু নেতাই ফেচবুকযোগে হিন্দু সম্প্ৰদায়ক লৈ কৰা বিতৰ্কিত মন্তব্যই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ তথাকথিত এবিএমছু নেতাজনে বিতৰ্কিত আৰক্ষী বিষয়া অঞ্জন বৰাৰ বিধায়িকা দেহ ব্যৱসায়ত জড়িত বুলি ফেচবুকত দিয়া পোষ্টটোৰ গইনা লৈ বিতৰ্কিত পোষ্ট এটা আপলোড কৰে।
পোষ্টটোত তেওঁ বিজেপি চৰকাৰ অহাৰ পৰা হিন্দুৰ দপদপনি বাঢ়িছে বুলি কৈ সম্প্ৰদায়টোৰ ছোৱালীবোৰ অঞ্জন বৰাই কোৱাৰ দৰে নেকি বুলি প্ৰশ্ন কৰে। অশ্লীল শব্দ প্ৰয়োগেৰে তেওঁ আৰু ৪ বছৰৰ পিছত চৰকাৰ সলনি হ’লে হিন্দুসকলৰ অৱস্থা বেয়া কৰি দিব বুলিও পোষ্টটোত উল্লেখ কৰে।ইমানেই নহয়, ৪ বছৰ পিছত কামাখ্যা মন্দিৰ ভাঙি হিন্দুসকলৰ ফুটনি বাহিৰ কৰি দিব বুলিও ফেচবুকত পোষ্টটোত লিখি বিতৰ্কৰ সৃষ্টি কৰে ছাত্ৰ নেতাজনে।