ডিজিটেল ডেস্কঃ অৱশেষত কাঠুৱা-উন্নাও কাণ্ড তথা দেশত সংঘটিত ধৰ্ষণ কাণ্ডক লৈ মুখ খুলিলে বলিউডৰ বিগ বিয়ে৷ প্ৰায় সকলো কথাতেই নিজৰ মত প্ৰকাশ কৰি অহা বলিউডৰ বিগ বি অমিতাভ বচ্চনে কাঠুৱা কণ্ডৰ পিছত মৌনতা অৱলম্বন কৰাত প্ৰশ্নৰ উদয় হৈছিল৷ ভাৰত চৰকাৰৰ ‘বেটী বচাও-বেটী পঢ়াও’ আঁচনিৰ ব্ৰেণ্ড এম্বেচাদৰ অমিতাভ বচ্চন খোদ কাঠুৱা কাণ্ডৰ পাছত কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছিল৷ 

অৱশেষত বৃহস্পতিবাৰে মুখ খুলে অমিতাভ বচ্চনে৷ অমিতাভ বচ্চন আৰু ঋষি কাপুৰ অভিনীত ছবিগৃহলৈ আহিবলগীয়া ছবি ‘১০২ নট আউট’ৰ এটি গানৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত হৈ বিগ বিয়ে ধৰ্ষণ বিষয়ক কোনো প্ৰশ্ন কৰিবলৈ সাংবাদিকক অনুৰোধ জনায়৷ ‘‘এনে কথা কলেই মই বিৰক্ত অনুভৱ কৰোঁ’’ বুলি ‘বেটী বচাও-বেটী পঢ়াও’ৰ ব্ৰেণ্ড এম্বেচাদৰগৰাকীয়ে বিষয়টোৰ পৰা আতৰি থাকে৷ 

উল্লেখ যে ‘১০২ নট আউট’ নামৰ ছবিখনত সুদীৰ্ঘ ২৭ বছৰৰ পিছত ঋষি কাপুৰ আৰু অমিতাভ বচ্চনক অনুগামীসকলে একেলগে ৰূপালী পৰ্দাত দেখিবলৈ পাব৷