ডিফুঃ কাৰ্বি পাহাৰৰ এগৰাকী ৰাজনৈতিক নেতাৰ জীয়ৰী যদিও তাইৰ মুঠেও স্পৃহা নাই ৰাজনীতিৰ প্ৰতি৷ পাহাৰৰ লুং-লুঙুীয়া বাট পথত খেল-ধেমালি কৰি ডাঙৰ হোৱা অমৃতাই ৰাজনীতি নকৰি আন কামেৰে সমাজ সেৱা কৰিব বিচাৰে৷ পিতৃ পাহাৰীয়া ৰাজনীতিৰ মহীৰূহ যদিও জীয়ৰীৰ ৰাজনীতিৰ প্ৰতি তিলমানো আগ্ৰহ নাই৷
দ্বাদশ কাৰ্বি স্বায়ত্ত পৰিষদত কাৰ্যবাহী সদস্যৰ স্থান লাভ কৰা ৰতন তেৰণৰ কনিষ্ঠ কন্যা অমৃতা টেৰণপীয়ে নকৰে ৰাজনীতি৷ দক্ষ ৰাজনীতিজ্ঞ, সাংসদ বিধায়ক, পৰিষদৰ সদস্য নোহোৱাকৈও এগৰাকী লোকে বিভিন্ন ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি সমাজৰ হকে, দহৰ হকে নিঃস্বাৰ্থ সেৱা আগবঢ়াব পাৰি বুলি কয় অমৃতাই৷