newsnextone.com | ওদালগুৰিঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষ পৰীক্ষণৰ কাম চলি থকৰা মাজতে আমছুৱে এনআৰচি পৰীক্ষণৰ ক্ষেত্ৰত বিষয়া-কৰ্মচাৰীয়ে উচ্চতম ন্যায়ালয়ৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে৷
সংগঠনটোৰ ওদালগুৰি জিলা সমিতিয়ে এক বিবৃতি যোগে ন্যায়ালয়ৰ নিৰ্দেশনা মতে ৰাজ্যত চলি থকা এনআৰচি উন্নীতকৰণক আমছুৱে আদৰণি জনাই কিন্তু বংশবৃক্ষ আৰু যোগসূত্ৰ পৰীক্ষণৰ ক্ষেত্ৰত একাংশ বিষয়া-কৰ্মচাৰীয়ে ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে। বহু দূৰৰ পৰা পৰীক্ষণৰ বাবে যোৱা লোকসকলক উপযুক্ত নথিপত্ৰ থকাৰ পাছতো কৰ্মচাৰীসকলে পোনে পোনে কাম সমাধা নকৰি হাৰাশাস্তি প্ৰদান কৰা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। হাৰাশাস্তি প্ৰদান কৰা লোকসকল অশিক্ষিত লোক বুলি কয়৷