গুৱাহাটীঃ গোৱালপাৰাত আৰক্ষীৰ গুলীত নিহত ইয়াকুব আলীৰ মৃত্যুৰ বাবে দায়ী আৰক্ষী বিষয়া ডিম্বেশ্বৰ ৰয় আৰু আৰক্ষী কনিষ্টবল অনুপ চেতিয়াক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নিহতৰ নিকটাত্মীয়ক ১০ লাখ আৰু আহত সকলক ৫ লাখকৈ ক্ষতিপূৰণ দিয়াৰ দাবীত আজি আমছুৱে ৰাজ্যজুৰি মানৱ শৃংখল কাৰ্যসুচী ৰূপায়ণ কৰে৷
আমছুৰ নেতৃত্বত ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীকসলে সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, অসম পুলিচ হায় হায়, অসম পুলিচৰ গুণ্ডাৰাজ বন্ধ কৰক আদি শ্ল’গানেৰে ৰাজ্য উত্তাল কৰি তোলে৷ মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি আজিজুৰ ৰহমানে ৰাজ্য চৰকাৰে আমছুৰ দাবীক গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰে৷