ওদালগুৰিঃ ভাৰত চৰকাৰে ৰূপায়ন কৰা অটল অমৃত যোজনাৰ অধীনত ওদালগুৰিৰ ১২১ গৰাকী হিতাধিকাৰীৰ মাজত বেংক ড্ৰাফট বিতৰণ কৰা হয় শনিবাৰে। ওদালগুৰি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ সভাক্ষত অনুষ্ঠিত এটি বিশেষ অনুষ্ঠানত হিতাধিকাৰী সকলৰ মাজত ড্ৰাফট প্ৰদান কৰে বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে। 

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্যবাহী সদস্যগৰাকীয়ে এনে আঁচনিয়ে সাধাৰণ জনতাক বহু পৰিমাণে সকাহ দিয়ে বুলি কৈ জনতাক আঁচনিৰ সুবিধাসমূহ গ্ৰহণৰ আহ্বান জনায়। প্ৰকৃত হিতাধিকাৰীয়েহে যেন এই আঁচনিৰ সুবিধা লাভ কৰে তাৰ বাবে ৰাইজক সতৰ্ক হ’বলৈ কয়৷ বিভাগীয় কৰ্তৃপক্ষকো চকু দিয়াৰ বাবে আহ্বান জনাই কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে। 

ডিপিএম এন গয়াৰীয়ে পৰিচালনা কৰা অনুষ্ঠানত উপস্থিত থাকি জিলা প্ৰকল্প সঞ্চালক ভাস্কৰজ্যোতি মান্তাই অটল অমৃত যোজনা আঁচনিৰ লগতে অন্য এক আয়ুষ্মান ভাৰত নামৰ আঁচনিৰ বিষয়েও হিতাধিকাৰী তথা বিষয়া-কৰ্মচাৰীক অৱগত কৰে।