45
newsnextone.com | তামুলপুৰঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত মঙলবাৰে পুৱা দহ বজাত বগাজুলি জাকৈকনা নৈৰ পাৰত স্থানীয় ৰাইজে এটি আঘাত প্ৰাপ্ত বনৰীয়া হাতী পোৱালি উদ্ধাৰ কৰে।
সোঁ ভৰি আৰু কাণত গুৰুতৰ ভাৱে আঘাতৰ চিন থকা অকলশৰীয়া হাতীৰ পোৱালিটো দিনৰ দহ বজাত বগাজুলি নৈৰ পাৰত উপস্থিত হয়। হাতী পোৱালীটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো স্থানীয় বন বিভাগৰ নিৰ্বিকাৰ আচৰণৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷