ডিজিটেল ডেক্সঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল তথা বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতি উন্নত হোৱাৰ লগতে শিক্ষা বিভাগটোত আমূল পৰিবৰ্তন হোৱাৰ কথা সময়ে সুবিধা পালেই ৰাইজক সোৱঁৰাই থকা দেখা যায় যদিও প্ৰকৃতাৰ্থত অসমৰ বিত্তীয় অৱস্থাৰ উন্নয়ন তথা শিক্ষা বিভাগত হোৱা আমূল পৰিবৰ্তনৰ ছবিখনক লৈ ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষক সমাজ বৰ্তমান সম্পূৰ্ণভাৱে সন্দিহান স্থিতিৰ মুখামুখি হ’বলগীয়া হৈছে ৷
এই সন্দিহানৰ মূল কাৰন হিচাপে এটা বিশেষ ‘বঁটা’ৰ কথাকে ক’ব পাৰি৷ ৰাজ্য চৰকাৰে মেধাৱী শিক্ষাৰ্থীৰ বাবে ২০০৫ চনৰ পৰা প্ৰণয়ন কৰা এই বঁটাটোয়েই হৈছে ৰাজ্যখনৰ শিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষক সমাজৰ সন্দিহান অৱস্থাৰ কাৰণ৷ স্মৰ্তব্য যে, অসমৰ প্ৰথমজন আই চি এছ তথা উপায়ুক্ত, অসমৰ অন্যতম পুৰোধা ব্যক্তি আনন্দৰাম বৰুৱাৰ নামত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীন মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ২০০৫ চনৰ ১৪ ছেপ্তেম্বৰ তাৰিখে গুৱাহাটীৰ ঐতিহাসিক জৰ্জ ফিল্ডত তদান্তীন্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে সমগ্ৰ অসমৰ সৰ্বমুঠ ১২,৭৫৬ গৰাকী বঁটা প্ৰাপক মেধাক কেন্দ্ৰীয় ভাৱে প্ৰদান কৰিছিল এই উদ্গণিমূলক বঁটা ৷ ইয়াৰে ১২,৬৪৯ গৰাকীয়ে কম্পিউটাৰ আৰু বাকীখিনিয়ে কম্পিউটাৰৰ মূল্য লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এনেদৰে কংগ্ৰেছ চৰকাৰৰ শাসন কালত বছৰৰ পিছত বছৰ প্ৰথম পৰ্যায়ত ডেক্সট’প আৰু পিছলৈ লেপটপ কম্পিউটাৰ বঁটা হিচাপে প্ৰথম বিভাগত উৰ্ত্তীন ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিছিল ৷ পিছলৈ আনকি দ্বিতীয় বিভাগত উৰ্ত্তীন সকলকো প্ৰদান কৰা হৈছিল একোটিকৈ টেবলেট ৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত পঢ়াৰ প্ৰতি আগ্ৰহ তথা প্ৰতিযোগীতাৰ মনোভাৱ গঢ় লৈ উঠি প্ৰতি বছৰে ফলাফল উন্নত হৈছিল বুলি একাংশই মত পোষন কৰিছিল যদিও সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত অসমত বিজেপি শাসনাধিষ্ঠ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ লোৱাৰ পিছতে ব্যাপকভাৱে সংশোধন কৰা হয় এই বঁটাৰ নিয়ম ৷