Home ৰাজ্যঅনন্ত শইকীয়াৰ মৃত্যু, দল-সংগঠনৰ শোক প্ৰকাশ

অনন্ত শইকীয়াৰ মৃত্যু, দল-সংগঠনৰ শোক প্ৰকাশ

by News Desk
51 views
A+A-
Reset

গুৱাহাটীঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ নাদুৱা গ্ৰান্ট গাঁৱৰ সৰবৰহী যুৱক অনন্ত শইকীয়াৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে৷ বুধবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয় অনন্ত শইকীয়াই৷ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে শইকীয়াৰ ঘৰ মানুহেৰে ভৰি পৰে৷ সকলোৰে আপোন অনন্ত শইকীয়া যোৱা সোমবাৰে হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও কেইটামান ঘন্টা চিকিৎসা লাভ কৰাৰ পিছতে মৃত্যুক আকোৱালি লয়৷

চাবুৱা ৰাজহ চত্রুৰ নাদুৱা গ্ৰান্ট গাঁৱৰ সুৰেন্দ্ৰ নাথ শইকীয়াৰ তৃতীয়জন পুত্র অনন্ত শইকীয়াই ভূল চিকিৎসাৰ ফলত মৃত্যুক আকোৱালি লোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ চিকিৎসকে চিকিৎসাত  গাফিলতি কৰাৰ লগতে পৰিয়ালৰ লোককো ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে। মৃত্যুৰ সময়ত অনন্ত শইকীয়াই পিতৃ, মাতৃ, পত্নী, তিনিগৰাকী কন্যা সহ বহু গুনমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0