বঢ়মপুৰঃ অংগনৱাড়ী কৰ্মী-সহায়িকাই আজি বিভিন্ন দাবীৰ সমৰ্থনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চামগুৰিত।

চামগুৰিৰ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত পাঁচ দফীয়া দাবী উত্থাপন কৰি কাৰ্যালয়টোৰ সন্মুখত অনিৰ্দিষ্টকালিলৈ ধৰ্মঘটত বহে অংগনৱাড়ী কৰ্মী-সহায়িকাই।

দুই শতাধিক কৰ্মী-সহায়িকাই চাকৰি নিয়মীয়া কৰা, সম-মৰ্য্যদা প্ৰদান কৰা, ৰাজ্য চৰকাৰৰ নিজা পূজিৰ পৰা উচিত মাননী প্ৰদান কৰা, কেন্দ্ৰীয় চৰকাৰৰ পৰা মাননী বৃদ্ধি কৰা, পেঞ্চন দিয়াৰ ব্যৱস্থা কৰাৰ দাবীতপ্ৰতিবাদ সাব্যস্ত কৰে।

চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কৰ্মী-সহায়িকাসকলে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে ধৰ্মঘটস্থলিৰ পৰাই।