newsnextone.com | কামপুৰঃ তেওঁৰ সতীৰ্থসকল এতিয়া আট্টালিকাত বসবাস কৰে৷ শীততাপ নিয়ন্ত্ৰিত গাড়ী, কোঠা অবিহনে সময় অতিবাহিত নহয়৷ সোঁৱে-বাৱে নিৰাপত্তাৰক্ষী৷ ৰাজ্যৰ চহৰে-নগৰে সম্পত্তিৰ পাহাৰ৷ কিন্তু মানুহগৰাকীয়ে বিচনাত চকুলো টুকি সময় পাৰ কৰিছে৷ জীৱনত বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে সময় পাৰ কৰা মানুহগৰাকীয়ে জীৱনৰ বেছি সময় অসম মাতৃৰ সেৱা কৰাৰ নামত পৰা কৰিছে৷ একালত আন্দোলনত জপিয়াই পৰি সেনা-আৰক্ষীৰ মাৰত জীৱন ঘূণীয়া কৰি পেলাইছে৷
অসম আন্দোলনত নামি পৰিছিল তেওঁ৷ ছয় বছৰীয়া আন্দোলনৰ সময়ত অসমৰ বহু তেজাল যুৱকৰ দৰেই সেনা-আৰক্ষীৰ মাৰ খাইছিল তেওঁ৷ তেতিয়াৰ তেজাল যুৱকজনে আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ অসম চুক্তি হ’ল আৰু একাংশ নেতাই দল গঠন কৰি ৰাজভোগ খালে৷ কিন্তু আন একাংশ নেতাই জীয়াই থকাৰ নামত যাতনা ভোগ কৰিব লগা হ’ল৷ বহুতেই নেতৃত্বৰ পৰা চৰম প্ৰতাৰিত হ’ল৷ তেনেই এগৰাকী নেতা হৈছে নগাওঁ জিলাৰ কামপুৰৰ অনিল বৰা৷