newsnextone.com | গুৱাহাটীঃ কংগ্ৰেছ চৰকাৰৰ একালৰ মহাপ্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনক লৈ বিতৰ্কৰ যেন অন্তই নপৰিব৷ এটাৰ পিছত এটা অভিযোগ উত্থাপিত হৈছে প্ৰাক্তন মন্তৰীগৰাকীৰ বিৰুদ্ধে৷ কিছুদিন পূৰ্বে মন্ত্ৰীগৰাকীয়ে অবৈধ সা-সম্পত্তি কিনা বেছাৰ অভিযোগত অনুসন্ধান শাখাই দিল্লীত উপস্থিত হৈ মন্ত্ৰীগৰাকীৰ সা-সম্পত্তিৰ তালাচী চলাইছিল৷
একালৰ প্ৰিয় বন্ধু তথা ঘনিষ্ঠ সহোযোগী অনিল ৰাজা আৰু ৰকিবুল হুছেইনৰ মাজৰ যুদ্ধখনে এতিয়া তুংগত উঠা পৰিলক্ষিত হৈছে৷ অনিল ৰাজাই এটা সময়ত ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত ৰকিবুলৰ বিৰুদ্ধে অবৈধ সা-সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন কৰিছিল৷