গুৱাহাটীঃ ককা আইতাৰ সৈতে চোতালত ঢাৰিত বহি সাধু শুনি টোপনী যোৱাৰ স্মৃতি বোৰ আপোনাৰ আজিও চাগে সজীৱ হৈ আছে৷ সাধু কথাতেই ভূত-প্ৰেত, হাবি-জংঘল, দস্যু, চিকাৰী, বাঘ-ভালুক সকলো আমাৰ চকুৰ আগত জীৱন্ত ৰূপত ভাহি উঠিছিল৷ তাৰ লগে লগে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাবোৰ পঢ়ি পোৱা আমোদ আজিও মনত পৰে৷
ৰসৰাজৰ লগতে কেবাগৰাকী সাহিত্যিকৰ সাধু কথাবোৰৰ কাহিনী আমাৰ স্মৃতিত আজিও সজীৱ হৈ আছে৷ আইতাৰ মুখেৰে চোতালত বহি সাধু শুনাৰ মাদকতা জ্যেষ্ঠ সকলৰ মনত আজিও হেন্দোলনী দিয়ে যদিও এতিয়াৰ প্ৰজন্মৰ বাবে তাহানিৰ সেই প্ৰতিচ্ছবি খন এক অলৌকিক কল্পনা মাথোন৷ এতিয়া তথ্য আৰু প্ৰযুক্তি বিদ্যাই সকলো সলনি কৰি পেলালে৷