কোকিলাঃ ৰাজ্যৰ আগশাৰীৰ সাহিত্য সাংস্কৃতিক অনুষ্ঠান অনিৰ্বাণ সাহিত্য সাংস্কৃতিক সমাজে আজি এই বছৰৰ অনিৰ্বান বঁটা প্ৰদান কৰে৷ অনুষ্ঠানটোৱে সপ্তদশ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন বহুভাষিক কবি সন্মিলন অনুষ্ঠিত কৰে।
বহুভাষিক কবি সন্মিলন বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক খগেন মেধিয়ে। কবি সন্মিলনখন সঞ্চালনা কৰে বিশিষ্ট অৱুবাদক তথা কবি দয়াময় শইকীয়াই।