গুৱাহাটীঃ গুৱাহাটীস্থিত অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান চিভিল ছাৰ্ভিচ এচিভাৰ পইন্টে’ উদ্‌যাপন কৰিলে প্ৰথম বৰ্ষপূৰ্তি। প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান আয়োজিত কৰে। 

প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সমাজকৰ্মী শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণি সদৌ অসম ভিত্তিত আয়োজিত হয় আন্তঃমহাবিদ্যালয়/বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ অধ্যক্ষৰ ৰূপত উপস্থিত থাকে ইণ্ডিয়ান অইল টেংকিং লিমিটেড্‌ৰ প্ৰাক্তন উপ-সভাপতি জয়ন্ত মাধৱ বৰা। 

প্ৰতিষ্ঠানখনৰ সঞ্চালক ৰাজদ্বীপ লেখাৰুৱে জানিবলৈ দিয়া মতে প্ৰথম বৰ্ষতে লেখাৰুৰ নৃত্বতত ৫ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফল হয়। উল্লেখযোগ্য যে¸ সঞ্চালক ৰাজদ্বীপ লেখাৰুৱে অসমৰ বিভিন্ন কলেজত লোকসেৱা আয়োগৰ পৰীক্ষাত কেনেকৈ অৱৰ্তীণ হৈ সফল হ’ব পাৰি¸ এই সন্দৰ্ভত বিগত সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়া কৰ্মশালা দি আহিছে।

প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কেইবাটাও শিক্ষণ বিষয়ক অনুষ্ঠান আয়োজিত কৰা হয়। উক্ত অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ ময়ুৰ বৰা¸ অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া দিলীপ কুমাৰ বৰাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।