ওদালগুৰিঃ আগন্তুক কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ছোৱাত ৰাজহুৱা শান্তি-সম্প্ৰীতিত ব্যাঘাত জন্মাৰ আশংকা কৰি আৰু ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ জিলাখনত তৎকালীনভাৱে বলৱৎ হোৱাকৈ ওদালগুৰি জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।
এই নিষেধাজ্ঞা অনুসৰি নিশা ১০ বজাৰ পৰা পিচদিনা পুৱা ৬ বজালৈ ফটকা ফুটোৱা, চিকিৎসালয়, শিক্ষানুষ্ঠান তথা অন্যান্ন ৰাজহুৱা নিৰৱতা অৱলম্বন কৰিবলগীয়া স্থানত ফটকা ফুটোৱা, ১২৫ ডেচিবেলতকৈ অধিক প্ৰাবল্যৰ ফটকা ফুটোৱা ইত্যাদি ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।