ডিজিটেল ডেস্কঃ নিৰ্ভয়া কাণ্ডতকৈও লোমহৰ্ষক ধৰ্ষণৰ কাণ্ড পোহৰলৈ আহিছে হাৰিয়ানাৰ ৰোহটক জিলাত। কেৱল ধৰ্ষণ কৰাই নহয়, তাৰ পিছত হত্যা কৰি ডিঙি কাটি পেলোৱাৰ ঘটনাই সাধাৰণ লোককে নহয়, আৰক্ষীকো হতভম্ব কৰি তুলিছে। নিৰ্ভয়া কাণ্ডৰ দোষীসকলৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাৰ এসপ্তাহ পাৰ নৌহওতেই দেশত পুনৰাই সংঘটিত হৈছে এনে জঘন্য অপৰাধ।
ৰোহটকৰ যুৱতীগৰাকীক অপহৰণ কৰি ধৰ্ষণৰ পিছত হত্যা কৰি ডিঙি কাটি পেলাই থোৱা অৱস্থাত ১১ মে’ত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱামতে ৭ জনকৈ লোকে এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।