বোকাজানঃ এজনো কৰ’নাক্ৰান্ত নথকা তিনি পাৰ্বত্য জিলাত অস্বাভাৱিকভাবে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰ’না পজিটিভৰ সংখ্যা৷ কালি বোকাজানত দুজনকৈ লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পিছত আজি পুনৰ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত আন দুজন লোক ক’ভিড-১৯ত আক্ৰান্ত বুলি স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰাৰ পিছতে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
ক’ভিড আক্ৰান্ত লোক দুজন বকলীয়াঘাটৰ ৰুকাচেন মহাবিদ্যালয়ৰ সমীপত কোৱাৰেণ্টাইন হৈ থকা বুলি জানিব পৰা গৈছে৷ নতুনকৈ আক্ৰান্ত যুৱক দুজন ক্ৰমে, তাৰাবাছাৰ ৰাজীৱ তেৰাং (২৪) আৰু মিৰ্দু পথাৰ মুৰা গাঁৱৰ বালা বাগলাৰী (২১) বুলি চিনাক্ত কৰা হৈছে৷