জোনাইঃ যোৱা বুধবাৰে সংঘটিত হোৱা জঘন্য কাণ্ডক আজিও পাহৰিব পৰা নাই ধেমাজি জিলাৰ চিমেন চাপৰিৰ ৰাইজে৷ মৰমী খাটোৱাল নামৰ মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে ধেমাজি জিলাৰ চিমেন চাপৰিত৷ এই জঘন্য ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আন এজন যুৱকক দেওবাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷
আক্ষৰীয়ে গোপন খবৰৰ ভিত্তিত আনজন অভিযুক্ত বিপ্লৱ চুতীয়াক (২১) চিচিবৰগাঁও অঞ্চলৰ এখন গাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ ইতিমধ্যে অন্যতম অভিযুক্ত বাবা বৰা নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হৈছে চিমেন চাপৰি আৰক্ষীয়ে৷ চিমেন চাপৰিৰ দৰিদ্ৰ কুমুদ খাটোৱালৰ পত্নী মৰমী খাটোৱালক নিজ ঘৰতে ধৰ্ষণ কৰি কেৰাচিন ঢালি জ্বলাই দি হত্যা কৰিছিল দুৰ্বৃত্তই৷ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা চিমেন চাপৰি আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত লোকক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছিল৷