পৰ্বতঝোৰা: বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জলাবিলা ভি চি ডি চিত এম জি এনৰেগা আঁচনিৰ কামত বিয়াগোম অনিয়ম তথা দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷
উল্লেখ্য যে, শিলবাৰী গাঁৱৰ সাহজিয়াল হকৰ ঘৰৰ পৰা পাহাৰতলীলৈ যোৱা ৰাস্তা আৰু বক্স কালভাৰ্টৰ বাবে এমজি এনৰেগা আঁচনিৰ জৰিয়তে চৰকাৰে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাবে দহ লাখ টকা ব্যয় সাপেক্ষে এখন আঁচনি প্ৰস্তুত কৰে যদিও নাম মাত্ৰ কাম কৰি সমুলি ধন বিডিঅ’, কনিষ্ঠ অভিযন্তা, জি এন আৰ এছ আৰু ভি চি ডি চিৰ চেয়াৰমেনে আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে৷