নতুন দিল্লীঃ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে আৰু এখোজ আগ বাঢ়িল। শত্ৰু দেশৰ চোৰাংচোৱা উপগ্ৰহ ধ্বংস কৰিব পৰাৰ ক্ষমতা অৰ্জন কৰিলে ভাৰতে। 

ডিআৰডিঅ’ৰ বিজ্ঞানীসকলে ভূ-পৃষ্ঠৰপৰা নিম্ন উচ্চতাৰ প্ৰায় ২০০০ কিল’মিটাৰৰ ভিতৰৰ কক্ষপথত থকা উপগ্ৰহ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ধ্বংস কৰিব পৰা ক্ষমতা অৰ্জনৰ বিষয়ে দেশবাসীক অৱগত কৰে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। 

'মিছন শক্তি’ নামৰ এই অভিযানৰ সফলতাৰ পাছত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছতে ভাৰতে এই সন্মান লাভ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ল।

এণ্টি ছেটেলাইট ৱেপন (ASAT) ক্ষেপনাত্ৰৰ নিক্ষেপনৰ তিনি মিনিট পাছতে ই ভূ-পৃষ্ঠৰপৰা ৩০০ কিল’মিটাৰ উচ্চতাত থকা এটা কৃত্ৰিম উপগ্ৰহ ধ্বংস কৰাত ভাৰতে মহাকাশ যুদ্ধৰ ক্ষেত্ৰখনত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয়৷

আমেৰিকাই এণ্টি ছেটেলাইট ৱেপন প্ৰযুক্তি ১৯৫৮ চনত সফলতাৰে পৰীক্ষা কৰিছিল৷ ৰাছিয়াই এই সফলতা লাভ কৰিছিল ১৯৬৪ চনত৷ ইয়াৰ পাছত চীনে ২০০৭ চনত এণ্টি ছেটেলাইট ৱেপন প্ৰযুক্তিত সফলতা লাভ কৰে৷

চীনৰ এই পৰীক্ষণৰ পাছত বিশ্বৰ দেশসমূহে মহাকাশক ‘মিলিটেৰাইজেচন’ কৰা বুলি কঠোৰ সমালোচনা কৰিছিল৷ ইফালে, এই সফলতাৰ পাছত ভাৰতে ঘোষণা কৰিছে যে মিছন শক্তিৰ ক্ষমতাক কোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে ব্যৱহাৰ কৰা নহ’ব৷ আজি মহাকাশত ধ্বংস কৰা উপগ্ৰহটো কোন দেশৰ সেই বিষয়ে প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰকাশ নকৰিলেও কয় যে এই উপগ্ৰহটো পূৰ্ব নিৰ্ধাৰিত আছিল আৰু ইয়াৰদ্বাৰা আন্তঃৰাষ্ট্ৰীয় কোনো বিধি উলংঘা কৰা হোৱা নাই৷

এতিয়ালৈকে এই ক্ষমতাধৰ তিনি ৰাষ্ট্ৰই এই শক্তি আন ৰাষ্ট্ৰৰ বিৰুদ্ধে ব্যৱহাৰ কৰা নাই৷ বিকল হৈ পৰা নিজ দেশৰ উপগ্ৰহহে এণ্টি ছেটেলাইট ৱেপনৰ জৰিয়তে নষ্ট কৰি পেলোৱা হৈছে৷