সৰভোগঃ উচ্চতম ন্যায়ালয়ৰ মদ নিবাৰণী স্থিতিক একাংশ লোকে নিজ স্বাৰ্থ পূৰণত খটুৱাৰ দৰে ঘটনা সংঘটিত হৈছে। শেহতীয়াভাৱে এনে এক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰভোগত। নিশাটোৰ ভিতৰতে জন্ম হোৱা এখন মদ নিবাৰণী মহিলা মঞ্চৰ ভূমিকাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উচ্চতম ন্যায়লয়ৰ এক নিৰ্দেশ মৰ্মে সৰভোগৰ একমাত্ৰ আৱকাৰী বিভাগৰ অনুজ্ঞাপত্ৰ থকা মদৰ বিপনীখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উঠাই একেখন পঞ্চায়তৰ দক্ষিণ গণক গাড়ী গাঁৱলৈ স্থানান্তৰিত কৰে।।কিন্তুু পৰৱৰ্তী সময়ত একাংশ স্থানীয় মহিলা তথা এজন ৰাজনৈতিক নেতাই চক্ৰান্ত কৰি উদ্দেশ্য প্ৰণোদিতভাৱে বিপনীখন বন্ধ কৰিবলৈ প্ৰশাসনৰ মাধ্যমৰে তীব্ৰ হেঁচা প্ৰদান কৰে।
এই ঘটনাটোৰ এক মীমাংসা বিচাৰি গুৱাহাটী উচ্চ দ্বাৰস্থ হয় বিপণীখনৰ স্বত্বাধিকাৰী। ন্যায়ালয়ে যোৱা ১৮ মে'ত সুৰা বিপনীখন দক্ষিণ গণক গাড়ী গাঁৱত মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰে। কিন্ত্ু ৰহস্যজনকভাৱে এজন ৰাজনৈতিক নেতাই জিলা প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াক পুনৰ হেঁচা প্ৰদান কৰাত সৰভোগ আৰক্ষীয়ে সুৰা বিপনীখন বন্ধ কৰিবলৈ ২৮ আৰু ২৯ মে'ৰ সন্ধিয়া তীব্ৰ হেঁচা প্ৰদান কৰে।
সকলো তথ্য পাতি দেখুওৱাত আৰক্ষী উভতি যায়। পাছত চক্ৰান্তকাৰী দলটোৱে একে নিশাৰ ভিতৰত বৰনগৰ মহিলা মদ নিবাৰণী মঞ্চ নামেৰে এক সংগঠনৰ জন্ম দিয়ে। তাৰ পাছতে কালি বৈধ সুৰা বিপণীখন বন্ধ কৰাৰ দাবীত সৰভোগ বন্ধৰ আহ্বান জনায়। অথচ অঞ্চলটোত শ শ অবৈধ মদৰ দোকান থকা বুলি ৰাইজৰ মাজত চৰ্চা হৈ আছে।