দলংঘাটঃ দেশ তথা ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ কথা সময়ে সময়ে চৰ্চিত হৈ আহিছে৷ জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য, খাদ্য তথা নিজ সন্তানে বৃদ্ধ অৱস্থাত একাংশ পিতৃ-মাতৃৰ প্ৰতি অৱহেলা কৰাৰ ঘটনা আমাৰ ৰাজ্যত প্ৰায় সংঘটিত হৈ আহিছে৷ যাৰ বাবে ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকল একত্ৰিত হৈ পৰা পৰিলক্ষিত হৈছে৷
তাৰ মাজতে ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলে আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰে৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে দৰং জিলাৰ দেওমৰনৈতো দেওমৰনৈ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয়৷