গোৰেশ্বৰঃ জ্যেষ্ঠ নাগৰিক সকলে আবেগ, অনুভূতি আৰু খং বৰ্জন কৰিব পাৰিলে বহুত সুখী হ’ব পাৰে। এই জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যৰ বাবে মহাপুৰুষ শংকৰ গুৰুজনাইও চিন্তা কৰিছিল, সেয়ে চাপৰি বজোৱা, নাগাৰা, তাল আদি বাদনৰ যোগেৰে ক্ৰমে শৰীৰ, হৃদযন্ত্ৰৰ লগতে কাণৰ ব্যায়াম কৰিবলৈ শিকাই থৈ গৈছিল। এই মন্তব্য বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ৰজনীকান্ত তালুকদাৰৰ।
আজি আন্তজার্তিক জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে বাক্সা জিলাৰ গোৰেশ্বৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত গোৰেশ্বৰ মহাবিদ্যালয়ত আয়োজিত মুকলি সভাত এনেদৰে কয় তালুকদাৰে। গোৰেশ্বৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি লোহিত হুজুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকাই। সভাত সন্মিলনৰ সম্পাদক হৰিচৰণ ডেকাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে।