গুৱাহাটীঃ ‘গল্প সম্ৰাট’ খ্যাত চৈয়দ আব্দুল মালিকৰ বিখ্যাত কবিতা ‘মই অসমীয়া’ক লৈ ছ’চিয়েল মিডিয়া ফেচবুকত বিতৰ্কিত মন্তব্য কৰা মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী ৰূপা ৰাণী ভূঞা বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য নহয়। দলটোৰ অসম প্ৰদেশ কমিটিৰ মুখপাত্ৰ তথা সম্পাদক প্ৰফুল্ল কুমাৰ দাসে এক বিবৃতিযোগে সদৰী কৰিছে এই কথা।
বিতৰ্কিত প’ষ্ট দিয়া শিক্ষয়িত্ৰীগৰাকীক সমালোচনা কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছ দলকো সমালোচনাৰ আওঁতালৈ অনাটোক দুৰ্ভাগ্যজনক আখ্যা দি মুখপাত্ৰ দাসে স্পষ্ট কৰি দিয়ে যে একাংশ লোকে কোৱাৰ দৰে ৰূপা ৰাণী ভূঞা কংগ্ৰেছ দলৰ কোনো বিষয়ববীয়া অথবা সদস্য নহয়। দাসে জনোৱা মতে কলেজ শিক্ষয়িত্ৰীগৰাকী এসময়ত কংগ্ৰেছ দলৰ সদস্য আছিল যদিও ২০১৬ চনতে তেওঁ দলটোৰ পৰা পদত্যাগ কৰিছিল।