দুলীয়াজানঃ ১৯৯৩ চনৰ ৩০ এপ্ৰিলত জন্মলাভ কৰা অসমৰ মফচলীয় সাংবাদিকতাৰ সংগ্ৰামী মঞ্চ অাসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ ডিব্ৰুগড় জিলা সমিতি আৰু দুলীয়াজানৰ সমূহ সাংবাদিকৰ আতিথ্যত দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষৰ শূভাৰম্ভণি অনুষ্ঠান আৰম্ভ হয় ৷
ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা আজিৰ এই দিনজোৰা কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি বৰ্গৰ নাম পঞ্জীয়নেৰে কৰা হয় ৷ তদুপৰি অইল ইণ্ডিয়াৰ ইতিহাসক অধিক ওচৰৰ পৰা জনাৰ নিমিত্তে দুলীয়াজান অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ সহযোগত প্ৰতিনিধি সাংবাদিক সকলক ক্ষেত্ৰ ভ্ৰমণৰ দিহা কৰা হয় ৷