দুলীয়াজানঃ দুলীয়াজানত দুদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজিত অসমৰ মফচলীয়া সাংবাদিকৰ ঐক্যবদ্ধ সংগঠন 'আছাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন' চমুকৈ আপকুৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ আজি অন্তিম দিনা পুৱা পতাকা উত্তোলন আৰু ছহিদ তৰ্পণ কাৰ্যসূচীৰ পিছতে শিশু শিল্পীৰ দলে পৰিৱেশন কৰা এক ব্যতিক্ৰমী অনুষ্ঠানে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে৷
♦ ছায়ামণি ভূঞালৈ বুধীন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী বঁটা
♦ যদুনাথ পুৰিলৈ উচ্চ কমল চেতিয়া সোঁৱৰণী বঁটা
♦ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ সামৰণি
ঢোলৰ ওজা তথা অসমীয়া কৃষ্টি-সংস্কৃতিৰ সাধক জগত শইকীয়াৰ পৰিচালনাত ডেৰকুৰি কণ কণ শিশুৱে ঢোল, নাগাৰা, দবা আৰু বাঁহী সংগত কৰি পৰিবেশন কৰে গোৱালপৰীয়া লোকগীত, ঝুমুৰ,বিহু, বিয়ানাম৷ ইফালে, বিয়লি আপকুৰ সভাপতি মনোজ সিঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীয়ে৷
সভাত মুখ্য অতিথি ৰূপে ‘আছাম টকছ’ৰ পৰিচালন সম্পাদক বেদব্ৰত বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ, অইলৰ মুখপাত্ৰ ত্ৰিদিৱ হাজৰিকা, বিশিষ্ট সমাজকৰ্মী অকণ শইকীয়া, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া, উপদেষ্টা শোভিত কুমাৰ চেত্ৰীকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি গ্ৰামাঞ্চলৰ তথা মফচলীয়া সাংবাদিকসকলৰ দুখ-দুৰ্দশাৰ বিষয়ত বক্তব্য আগবঢ়ায়৷ আপকুৰ প্ৰধান সম্পাদক হেমন্ত শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত বিশিষ্ট সাংবাদিক সঞ্জীৱ ফুকনে ডিব্ৰুগড় জিলা আপকুৰ দ্বাৰা প্ৰকাশিত পত্ৰিকা উন্মোচন কৰে৷
কুৰিগৰাকী মহিলাই পৰিবেশন কৰা এটি সমৱেত সংগীতেৰে শুভাৰম্ভ কৰা সভাত বিশিষ্ট সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়াই ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ 'প্ৰতিধ্বনি' উন্মোচন কৰি মফচলীয়া সাংবাদিকৰ সমাজৰ প্ৰতি থকা গুৰুত্বপূৰ্ণ দায়বদ্ধতাৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷
উক্ত সভাতে আপকুৰ দ্বাৰা প্ৰৱৰ্তিত 'ৰীতামালা দত্ত সোঁৱৰণী সদৌ অসম মহিলা সাংবাদিকতা বঁটা' বিশিষ্ট লেখিকা তথা 'নন্দিনী'ৰ সম্পাদক মাইনী মহন্তক, বিশ্বনাথ জিলা আপকুৰ দ্বাৰা প্ৰৱৰ্তিত 'বুধীন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সদৌ অসম ইলেক্ট্ৰ’নিক মিডিয়া বঁটা' নতুন প্ৰজন্মৰ মহিলা সাংবাদিক ছায়ামণি ভূঞাক আৰু আপকুৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা প্ৰৱৰ্তিত 'উচ্চ কমল চেতিয়া সোঁৱৰণী সাংবাদিকতা বঁটা' সাংবাদিক যদুনাথ পুৰিক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়৷ সন্ধিয়া অনুষ্ঠিত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে দুদিনীয়া ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ সামৰণি মৰা হয়৷