Home ৰাজ্যAPSC কেলেংকাৰী, ১৭গৰাকী ACS-APS পৰিল জালত, ক’ত হেৰাল সুনয়না-গীতালি-ৰাজৰ্ষি

APSC কেলেংকাৰী, ১৭গৰাকী ACS-APS পৰিল জালত, ক’ত হেৰাল সুনয়না-গীতালি-ৰাজৰ্ষি

by News Desk
69 views
A+A-
Reset

গুৱাহাটীঃ লাখ লাখ টকা দি চাকৰি লোৱা ১৭ গৰাকী ৰাজপত্ৰিত বিষয়াক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ইতিমধ্যে জালত পেলাবলৈ সক্ষম হৈছে যদিও ৰাজনৈতিক প্ৰভাৱশলী তিনিগৰাকী বিষয়াক এতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছ নেতা নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকা, কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদৈউ আৰু গীতালি দলেক এতিয়ালৈ আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হোৱা নাই৷

তাৰ মাজতে অভিযানৰ উমান পায় আত্মগোপন কৰা ধেমাজিৰ ৰাজহ চক্ৰ বিষয়া কমল দেৱনাথে খোদ কাহিলীপাৰালৈ আহি আত্মসমাৰ্পণ কৰে৷ যোৱা মঙলবাৰৰ নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই আগমনিৰ চক্ৰ বিষয়া হিমাংশু চৌধুৰী, হামৰেনৰ নিৰ্বাচনী বিষয়া দেৱজিত্‍ বৰা, লখিমপুৰৰ চক্ৰ বিষয়া অনিৰুদ্ধ ৰয়, এপিবিএনৰ উপ-কমাণ্ডেণ্ট ছাব্বিৰ ইমৰান-জয়ন্ত কুমাৰ নাথ, এপিএছ হৰ্ষজ্যোতি বৰা, যোৰহাটত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত হেমন্ত শইকীয়া, এচিএছ সুদীপ্তা গোস্বামী, কৰিমগঞ্জত এগৰাকী বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা সুদীপ্তা ভট্টাচাৰ্য, ACS অমৰজিত্‍ দাস, দীপক খনিকৰ, পল্লৱী শৰ্মা, APS দিলীপ কলিতা, ৰাজু চাহা, APS যতীন্দ্ৰ কুমাৰ বৰুৱা, কুণাল দাস, দৈথুন বৰগয়াৰী আৰু শেহতীয়াকৈ কমল দেৱনাথ সহিতে ১৭গৰাকী ACS-APSক আটক কৰিবলৈ সক্ষম হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0