Home ৰাজ্যকোন দিশে এপিএছচি কেলেংকাৰীৰ তদন্ত? কাৰ্যকৰী হ’ব নেকি প্ৰতিবেদনৰ পৰামৰ্শ?

কোন দিশে এপিএছচি কেলেংকাৰীৰ তদন্ত? কাৰ্যকৰী হ’ব নেকি প্ৰতিবেদনৰ পৰামৰ্শ?

by News Desk
A+A-
Reset
APSC Scam

ৰাজ্য জোকাৰি যোৱা এপিএছচি কেলেংকাৰীৰ তদন্ত আয়োগে প্ৰতিবেদন দাখিল কৰাৰ তিনি বছৰ পিছত ৰাজহুৱা কৰা হ’ল তদন্ত প্ৰতিবেদন। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত সমিতিৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহলত পুনৰ এবাৰ সৃষ্টি হৈছে খলকনিৰ। এই প্ৰতিবেদনত এপিএছচি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই পৰিছে প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰীৰ পৰা বৰ্তমানৰ বিধায়কলৈকে বহু জনৰ। 

২০১৩ আৰু ২০১৪ চনৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ জৰিয়তে দুৰ্নীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল অসম লোকসেৱা আয়োগ। নিযুক্তিৰ নামত এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। এপিএছচিত ধনৰ বিনিময়ত চাকৰি বিক্ৰী হোৱাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত সমিতিৰ প্ৰতিবেদনত। তদন্ত সমিতিয়ে মন্তব্য কৰে যে এই সাংবিধানিক সংস্থাটোক “ব্যক্তিগত গিল্ড”লৈ ৰূপান্তৰিত কৰা হৈছিল, য’ত নিয়োগৰ মূল ভিত্তি যোগ্যতাৰ পৰিৱৰ্তে হৈ পৰিছিল উৎকোচ আৰু পৰিচিতি। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0