ডিব্ৰুগড়ঃ যোৱা ২৫ এপ্ৰিলৰ নিশা গুৱাহাটী মহানগৰীৰ ভঙাগড়ৰ গোপাল চন্দ্ৰ বৰা নামৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰজনৰ ফ্লেটত ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই অসম লোকসেৱা আয়োগৰ উত্তৰ বহী উদ্ধাৰৰ পিছতে অসম লোক সেৱা আয়োগৰ তদন্তই নতুন মোৰ লোৱাৰ লগতে নতুন নতুন লোকৰ নাম পোহৰলৈ আহিব বুলি চৰ্চা আৰম্ভ হৈছে৷
তাৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে তদন্তৰ খাতিৰত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ গোপাল চন্দ্ৰ বৰাক ডিব্ৰুগড়লৈ তলব কৰাত শনিবাৰে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত হাজিৰ হয় গোপাল চন্দ্ৰ বৰা। উক্ত নিশা ফ্লেটৰ গৰাকী গোপাল চন্দ্ৰ বৰাই আৰক্ষীক ধৰা দিয়া নাছিল যদিও শনিবাৰে খোদ ডিব্ৰুগড় আৰক্ষী থানাত হাজিৰ হয়।