গুৱাহাটীঃ অসম লোকসেৱা আয়োগ(এ পি এছ চি)ৰ নিযুক্তি কেলেংকাৰিৰ এজনৰ পাছত আনজন মহানায়ক জালত পৰাৰ পাছত শেহতীয়াভাৱে তিনিজন অসম অসামৰিক সেৱা (এ চি এছ)ৰ বিষয়া গ্ৰেপ্তাৰ হোৱাটোৱে উৎকোচৰ বিনিময়ত এ পি এছ চিৰ চাকৰি লোৱাসকলৰ নিদ্ৰাহৰণ কৰিছে।
লাখ লাখ টকাৰ বিনিময়ত জালিয়াতিৰে চাকৰি লোৱা এইসকলৰ বহুজনে সম্প্ৰতি গ্ৰেপ্তাৰৰ পৰা হাত সৰাৰ উদ্দেশ্য উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন ল’বলৈ তৎপৰ হৈ উঠিছে। ইতিমধ্যে ইয়াৰে বহুজনে অধিবক্তাৰ সৈতেও দাম দৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। একাংশই এই উদ্দেশ্য গুৱাহটীতো বাহৰ পাতিছে বুলি এ পি এছ চিৰ নিযুক্তি কেলেংকাৰি গোচৰৰ তদন্তকাৰী দলৰ এক সূত্ৰই জনাইছে।