ডিজিটেল ডেক্সঃ যোৱা ১৭ মাৰ্চত ৰাম নৱমীৰ দিনটোত বিহাৰৰ ভাগলপুৰত সাম্প্ৰদায়িকতাৰ জুই জ্বলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেৰ ৩৬ বছৰীয়া পুত্ৰ অৰিজিৎ শ্বাস্বতক। অৰিজিৎ শ্বাস্বত বিহাৰ আৰএছএছৰ অন্যতম নেতা।

মুখ্যমন্ত্ৰী নীতীশ কুমাৰৰ পাটনাৰ বাসগৃহৰ পৰা মাত্ৰ ৩০০ মিটাৰ আঁতৰত শনিবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰে কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰক৷ ঘটনাই একাংশ ৰাজনৈতিক নেতাই যে সমাজত হিংসা বিয়পোৱা নিকৃষ্ট পন্থা লৈ সেই কথা একপ্ৰকাৰ পোহৰলৈ আনিলে বুলি চৰ্চা আৰম্ভ হৈছে৷

ভাগলপুৰ চহৰত যোৱা ১৭ মাৰ্চত প্ৰশাসনৰ অনুমতি অবিহনে অৰিজিতে শোভাযাত্ৰাৰ নেতৃত্ব লৈ আপত্তিজনক তথা সাম্প্ৰদায়িক শ্ল’গান দি সমবেত লোকক উত্তেজিত কৰিছিল। ইয়াৰ পাছতে চহৰখনত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হয়।

সাম্প্ৰদায়িক হিংসা ৰাজ্যখনৰ কেইবা ঠাইলৈ বিয়পি পৰাৰ পাছত বিৰোধীয়ে নীতীশ কুমাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বিজেপি নেতাজনে ভাগলপুৰৰ আদালতত আগতীয়া জামিন বিচাৰি আবেদন কৰিছিল। আবেদন শনিবাৰে অগ্ৰাহ্য হোৱাৰ পাছতে মাজনিশা আৰক্ষীয়ে অৰিজিতক নিজৰ জিম্মালৈ আনে। তেওঁক ভাগলপুৰলৈ লৈ অনা হৈছে।

ৰাম নৱমীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছতে অৰিজিতৰ বিৰুদ্ধে গ্ৰেপ্তাৰা পৰৱানা জাৰি কৰা হৈছিল যদিও ৰোষত পৰাৰ ভয়ত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাছিল।
পুত্ৰৰ বিৰুদ্ধে ৰুজু কৰা এজাহাৰখনৰ সন্দৰ্ভত পিতৃ তথা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবে পূৰ্বে কৈছিল যে অঞ্চলটোৰ দুৰ্নীতিগ্ৰস্ত বিষয়াই পঞ্জীয়ন কৰা এইখন এখন পেলাই দিব লগা কাগজহে।

অভিযুক্ত নেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ দুসপ্তাহ সময় লোৱা সন্দৰ্ভত বিজেপিৰে মিত্ৰতা কৰি চৰকাৰ গঠন কৰা নীতীশ কুমাৰক অসহায় বুলি কংগ্ৰেছে কটাক্ষ কৰাৰ বিপৰীতে আৰজেডিৰ নেতা তেজস্বী যাদৱে ভয়াতুৰ বুলি ইতিকিং কৰে।