Home ৰাজ্যচাউলধোৱা কাণ্ডত জৰিত অৰুণাচলীক চিবিআইৰ আদালতত হাজিৰৰ নিৰ্দেশ

চাউলধোৱা কাণ্ডত জৰিত অৰুণাচলীক চিবিআইৰ আদালতত হাজিৰৰ নিৰ্দেশ

by News Desk
47 views
A+A-
Reset

চাউলধোৱাঃ অসম কঁপোৱা বিহালীৰ চাউলধোৱা গণহত্যা সংঘটিত হৈছিল ২০১৪ চনৰ ২৯ জানুৱাৰীত৷ চাউলধোৱা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছিল চুবুৰীয়া ৰাজ্যৰ একাংশ অৰুণাচলীৰ বিৰুদ্ধে৷ সন্ধিয়াৰ আন্ধাৰৰ সুযোগ লৈ অসমৰ মাটি, সম্পদ ৰক্ষাৰ্থে অসম-অৰুণাচল সীমান্তৰ চাউলধোৱাত নিজকে একো একোজন সীমান্ত প্ৰহৰী হিচাপে নিয়োগ কৰি অৰুণাচলীৰ আগ্ৰাসনকাৰীক প্ৰত্যাহ্বান জনোৱা ১৫ জনকৈ লোকক শূন্য দূৰত্বৰ পৰা শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰা হৈছিল৷ নিজ মাতৃভূমি ৰক্ষাৰ্থে সীমান্তত পহৰা দিয়া নিৰীহ ১৫ গৰাকী লোকক হত্যা কৰাৰ প্ৰতিবাদত সেই সময়ত সমগ্ৰ অসমত আন্দোলন-প্ৰতিবাদ হৈছিল৷

১১ গৰাকী অসমীয়া হত্যাকাৰী অৰুণাচলী লোকৰ বিৰুদ্ধে বিহালী থানাত গোচৰো ৰুজু কৰা হৈছিল৷ গোচৰৰ ভিত্তিত অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতি, চি পি আই(এম-এল) আৰু অন্যান্য দল-সংগঠনৰ প্ৰতিবাদত ৰাজ্য চৰকাৰে হত্যাকাণ্ডৰ বিচাৰৰ দায়িত্ব চি বি আইক অৰ্পণ কৰিছিল৷ চি বি আয়ে চাউলধোৱা কাণ্ডৰ তদন্ত চলাই ২৪ মাৰ্চত গুৱাহাটীস্থিত চি বি আইৰ আদালতত ১১গৰাকী লোকক হত্যাৰ সৈতে নাম সাঙোৰ খাই থকা অৰুণাচলৰ নাৱাম হাগ, নাৱাম ৰাংখী, নাৱাম এক্কা, তানা জেকব, তাবা এনুৱেল, নুৱাং আব্ৰাহাম, নাৱাম টেধে, টেছি ৰংখা, নাৱাম তালুক, টেছি কুজুম আৰু টেছি তোলনক হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0