আলফা নেতা ৰাজেনৰ দেহৰক্ষী মুনে আৰক্ষীৰ দেখুৱালে পুতি থোৱা অস্ত্ৰ

Home ৰাজ্যআলফা নেতা ৰাজেনৰ দেহৰক্ষী মুনে আৰক্ষীৰ দেখুৱালে পুতি থোৱা অস্ত্ৰ

আলফা নেতা ৰাজেনৰ দেহৰক্ষী মুনে আৰক্ষীৰ দেখুৱালে পুতি থোৱা অস্ত্ৰ

by News Desk
54 views
A+A-
Reset

ওদালগুৰীঃ ওদালগুৰিত সেনা আৰক্ষীয়ে অভিযান চলাই আলফা নেতা মুন ডেকাৰ ভাষ্য অনুসৰি শনিবাৰে উদ্ধাৰ কৰিলে অস্ত্ৰ৷ ওদালগুৰি আৰক্ষীয়ে কলাইগাঁৱৰ পাকীমূৰীৰ পৰা উদ্ধাৰ কৰে এটা একে ৫৬, এটা মেগজিন, ১৮জাই সজীৱ গুলী আৰু এটা মোবাইল ফোন। আলফা স্বাধীনৰ সদস্য মুন ডেকাই মাটিত অস্ত্ৰ পুতি থোৱা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰাৰ পিছতে ব্যাপক অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় অস্ত্ৰ-শস্ত্ৰ৷ প্ৰয়াত আলফা স্বাধীনৰ নেতা ৰাজেন ডেকাৰ দেহৰক্ষী আছিল মুন ডেকা।

৬ ডিচেম্বৰত আৰক্ষীৰ জালত পৰিছিল দেহৰক্ষী মুন ডেকা। পৰেশ পন্থী আলফাৰ নামনি অসমৰ অন্যতম নেতা আলফাৰ দৰং-ওদালগুৰিৰ চাৰ্জেন্ট মেজৰ ৰাজেন ডেকা ০১ ডিচেম্বৰৰ পুৱতি নিশা সেনা-আৰক্ষীৰ গুলীত নিহত হৈছিল৷ দৰং জিলাৰ বালিপোতাৰ আলফা নেতাগৰাকীক ০১ ডিচেম্বৰৰ পুৱতি নিশা ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ ছৈবাৰীৰ খৈৰাপাৰা গাঁৱত সেনাৰ গুলীত নিহত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0