ডিজিটেল ডেস্কঃ যি ঠাইত চৰকাৰে উপস্থিত হ’বগৈ নোৱাৰে, সেই ঠাইত সেনাই শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সুবিধা সমূহ প্ৰদান কৰে৷ এই মন্তব্য কৰিছে দেশৰ সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাটে৷
শুকুৰবাৰে ‘ৰাষ্ট্ৰ নিৰ্মাণত স-শস্ত্ৰ সেনাৰ সহযোগ’ শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত এক আলোচনা চক্ৰত ভাগ লৈ সেনা প্ৰধান গৰাকীয়ে এই মন্তব্য আগবঢ়াই৷ তেওঁ লগতে কয়, দেশৰ বিভিন্ন প্ৰান্তত যিবোৰ দুৰ্গম এলেকা আছে, সেই অঞ্চল বিলাকলৈ গৈ চৰকাৰে যিকোনো সা-সুবিধা প্ৰদান কৰা দেখা নাযায়৷