ওৰাংঃ ভাৰতীয় সেনাই ২০লাখ টকাৰে নিৰ্মাণ কৰিব মাজবাট নগৰ বালিকা বিদ্যালয়ৰ শ্ৰেণীকোঠা ৷ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন অ’পিৰ উদ্যোগত আজি মাজবাট নগৰ বালিকা বিদ্যালয়ত সদ্ভাৱনা কাৰ্যসূচীৰ শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে।
ভাৰতীয় সেনাবাহিনীৰ সদ্ভাৱনা অনুষ্ঠানৰ ২০লাখ টকাৰে মাজবাট নগৰ বালিকা বিদ্যালয়ত শ্ৰেণী কোঠা, দুটা ৰান্ধনী গৃহ, শৌচালয়, প্ৰস্ৰাৱগাৰ, চাৰিসীমাৰ দেৱাল, মুল প্ৰবেশদ্বাৰ, পানীটেংকী আদি নিৰ্মাণ কৰা হ'ব। তাৰোপৰি বিদ্যালয়খনলৈ প্ৰজেক্টৰ, শিক্ষণ সামগ্ৰী আদি প্ৰদানৰো ব্যৱস্থা কৰা হ'ব বুলি কয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ অ’পিয়ে।
ভূপেন নাথে আঁত ধৰা অনুষ্ঠানটোত সেনাৰ কৰ্ণেল ত্যাগি, মেজৰ প্ৰৱঞ্চু, মাজবাট ৰাজহচক্ৰ বিষয়া পংকজ চমুৱা, বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অনিল বৰা, নগেন ভূঞা, তপন চৰকাৰ, জ্যোতিষ কলিতা প্ৰমুখ্যে অঞ্চলটোৰ সচেতন ব্যক্তি সকল উপস্থিত থাকে। এই অনুদানৰ বাবে সেনাবাহিনীক ভূয়সী প্ৰশংসা কৰিছে অঞ্চলবাসী ৰাইজে।