ডিমাকুছিঃ সীমান্তৰ দুৰ্গম অঞ্চলৰ যুৱকক প্ৰশিক্ষণ দিছে ভাৰতীয় সেনাই৷ সেনাত ভৰ্তি হ’বলৈ প্ৰযোজনীয় প্ৰশিক্ষণ দি আহিছে যুৱকক৷ ওদালগুৰি জিলাৰ অসম ভূটান সীমান্তৰ নিৱনুৱা যুৱকক ভাৰতীয় সেনা বাহিনীত মকৰল কৰাৰ উদ্দেশ্যেৰে যোৱা চাৰি মাহ ধৰি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ বৰংগাজুলিৰ সেনা শিবিৰত শাৰিৰীক পৰীক্ষাত অংশ গ্ৰহণৰ বাব সাজু কৰিছে শ-শ যুৱকক৷
ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন দিছে এই প্ৰশিক্ষণ৷ ১৪নং ডোগ্ৰা ৰেজিমেণ্টে অনুষ্ঠিত কৰা প্ৰশিক্ষণ কাৰ্যসূচীত ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক যুৱকে অংশগ্ৰহন কৰে। শিবিৰত সেনাত ভৰ্তি হ’ব বিচৰা যুৱকসকলক শাৰিৰীক পৰীক্ষা, দৌৰ, জাম্পিঙ আদিৰ প্ৰশিক্ষণ দিয়া হয়৷ যাতে পিছপৰা অঞ্চলৰ যুৱকসকলে পৰৱৰ্তী সময়ত ভাৰতীয় সেনা বাহিনীত অতি সহজে নিয়ুক্তি লাভ কৰে। অহা ৫-৯ জানুৱাৰীলৈকে নাৰেংগীৰ সেনা শিবীৰত অনুষ্ঠিত হ’বলগীয়া সেনা ভৰ্তী শাৰিৰীক মাপদণ্ড পৰীক্ষাত সেনাই এই অঞ্চলৰ ১২৫ জন যুৱকক প্ৰশিক্ষণৰ বাবে বাচনি কৰে।