newsnextone.com | ডিজিটেল ডেস্কঃ অৱশেষত উদ্ধাৰ হ’ল অপহৃত সেনা জোৱানৰ নশ্বৰ দেহ৷ বুধবাৰে কাশ্মীৰৰ পুলওয়ামাৰ পৰা নিৰুদ্দেশ হৈ থকা ঔৰংগজেৱ নামৰ ভাৰতীয় সেনা জোৱান গৰাকীৰ গুলীবিদ্ধ দেহ শুকুৰবাৰে সেনা-আৰক্ষীয়ে উদ্ধাৰ কৰে৷
জানিব পৰা মতে, কাশ্মীৰৰ পুঞ্চে এলেকাৰ বাসিন্দা সেনা জোৱান গৰাকীয়ে বুধবাৰে সন্ধিয়া পুলওয়ামাত কৰ্তব্য সামৰি নিজ গাড়ীৰে ঘৰলৈ উভটাৰ পথতে পুৰণা মোগল ৰোডত সন্ত্ৰাসবাদীয়ে তেওঁৰ বাহনখন আবদ্ধ কৰি সেনা জোৱানগৰাকীক অপহৰণ কৰি লৈ যায়৷