ডিজিটেল ডেস্কঃ কৰ্তব্যৰ সময়ত মোবাইল ফোন ব্যৱহাৰক লৈ বাদানুবাদৰ ফলত ভাৰতীয় সেনাৰ এজন মেজৰৰ প্ৰাণ কাঢ়িলে সৈন্যই।
জম্মু-কাশ্মীৰৰ পাকিস্তান সীমান্তৱৰ্তী বুচাৰ খণ্ডত সংঘটিত হল এই ঘটনা। নিশা সংঘটিত অঘটনৰ পিছত হতবাক হৈ পৰিছে কৰ্তব্যৰত আন জোৱানসকল।
উপলব্ধ সম্ভেদ অনুসৰি বুচাৰ খণ্ডত নিয়োজিত কৰা হৈছিল ৰাষ্ট্ৰীয় ৰাইফলছৰ নায়ক ক্ৰিছেট্টি জি নামৰ জোৱানজন আৰু সহযোগীক। সেই বাহিনীৰ নিৰীক্ষণৰ দায়িত্বত আছিল মেজৰ শিখৰ থাপা।
কৰ্তব্যৰ পৰত নায়ক নামৰ জোৱানজন ব্যস্ত হৈ আছিল। তাকে দেখি তেওঁক মোবাইল থবলৈ মেজৰে নিৰ্দেশ দিয়ে। এসময়ত মেজৰ থাপাই বলপূৰ্ক মোবাইলটো হস্তগত কৰাৰ চেষ্টা চলায়। দুয়োৰে টনা-আজোৰাত মোবাইলটোৰ স্ক্ৰীন ভাঙি যায়।
ইয়াকে লৈ খঙত অগ্নিশৰ্মা হৈ পৰে জোৱানজন। উন্মাদ আচৰণ কৰি তেওঁ ৰাইফলেৰে গুলীয়াই হত্যা কৰে মেজৰ থাপাক।