কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শৰাইবিল উপ আৰক্ষী চকীৰ অধীনৰ ৰাইমানাত আজি নিশা সেনা আৰু অচিনাক্ত দুষ্কৃতিকাৰীৰ মাজত গুলীচালনাৰ সংঘটিত হয়। এই ঘটনাত এগৰাকী সেনাবাহিনীৰ কেপ্টেইন গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন এগৰাকী নিৰীহ গঞালোক আহত হয় ।
অচিনাক্ত দুষ্কৃতিকাৰীৰ সতে সংঘটিত হোৱা গুলীচালনাৰ ফলত আহত হোৱা সেনা বিষয়াগৰাকীক ৩ নং ৰাজপুত ৰেজিমেণ্টৰ কেপ্টেইন টি পি সিঙ বুলি জানিব পৰা গৈছে। আনহাতে গুলীচালনাৰ ফলত দুৰ্ভাগ্যজনকভাৱে গুলীবিদ্ধ হোৱা নিৰীহ লোকজন হৈছে গোসাঁইগাঁও থানাৰ অন্তৰ্গত অমৃতপুৰ চৰাইবিলৰ ৰূপম টিগ্গা(৩০)।