ডিজিটেল ডেস্কঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক আমগুৰি গাঁৱত মঙলবাৰে সেনাৰ গুলীত নিহত যুৱকজনক আজি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত পৰিয়ালৰ লোকে চিনাক্ত কৰে৷ কালি সেনাৰে হোৱা সংঘৰ্ষত নিহত যুৱকজনক সেনা বাহিনীয়ে আলফা স্বাধীনৰ সদস্য বুলি দাবী কৰিছিল যদিও যুৱকজন প্ৰকৃততে আলফা স্বাধীনৰ সদস্য নাছিল বুলি আজি স্পষ্ট হৈ পৰে৷
নিহত যুৱকজনৰ পৰা উদ্ধাৰ কৰা চালকৰ অনুজ্ঞা পত্ৰৰ ভিত্তিত যোৰহাটৰ পুলিন দত্ত বুলি চিনাক্ত কৰা হৈছিল যদিও প্ৰকৃততে যোৰহাটৰ পুলিন দত্ত বৰ্তমানেও গাডড়ী চালক হিচাপে জীৱন নিৰ্বাহ কৰি আছে বুলি জানিব পৰা গৈছে৷