newsnextone.com | লিডুঃ ২৪ ঘণ্টীয়া অভিযানৰ সফল পৰিসমাপ্তি ঘটালে ভাৰতীয় সেনা আৰু অসম-অৰুণাচল আৰক্ষীয়ে৷ অসম-অৰুণাচল পাহাৰত বৃহস্পতিবাৰে নিশাৰে পৰা চলোৱা অভিযানত শুকুৰবাৰে দিনৰ ভাগত হে সমাপ্ত হয়৷ সেনা আৰক্ষীয়ে এনডিএফবিৰ এটা ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়৷
তিনিচুকীয়া জিলাৰ জাগুনত বৃহস্পতিবাৰে নিশা বিশেষ খবৰৰ ভিত্তিত ১৩নং অসম ৰাইফলচ, সেনাৰ শিখ ৰেজিমেণ্ট আৰু অসম আৰক্ষীৰ এটা বৃহৎ দলে অৰুণাচল আৰক্ষীৰ সহযোগত অঞ্চলটোৰ নগা ডুবি এলেকাক ঘেৰি লয়৷ এনডিএফবিৰ ঘাটি থকা বুলি খবৰ লাভ কৰি চলোৱা অভিযানত তিনিজনকৈ এনডিএফবিৰ কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এনডিএফবিৰ কেডাৰ গ্ৰেপ্তাৰ হোৱাৰ লগতে লেখাপানীৰ পৰা এন এছ চি এন (কে)ৰ লিংকমেন এজনক ১৩নং অসম ৰাইফলছে গ্ৰেপ্তাৰ কৰে৷