newsnextone.com | হোজাইঃ দুজন লোকে ধৰ্ষণ আৰু হত্যা কৰি কপিলী নৈত উটুৱাই দিয়া শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ দোষী সাব্যস্ত হোৱা দুই দোষীৰ এজনক ফাঁচীৰ ৰায় দিয়াৰ লগতে এজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে।
কেন্দ্ৰীয় চৰকাৰে নতুন ৰূপয়ন কৰা আইনৰ অধিনত আদালতে এই ৰায় দিয়া বুলি জানিব পৰা গৈছে। বুধবাৰে এইৰায় প্ৰদান কৰে হোজাই জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে। গোচৰৰ দোষী মইনুল হকক ফাঁচীৰ ৰায় দিয়াৰ লগতে আনজন দোষী চেলিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বিহে আদালতে।