newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত কথিত ৰূপত আটাইতকৈ বেছি ব্যৱহৃত ভাষাটো হৈছে হিন্দী৷ ২০১১ চনৰ জনগণনাৰ ভিত্তিত কথিত ভাৰতীয় ভাষাৰ সংখ্যাত ৪৩.৬৩ শতাংশ লোকৰে মাতৃভাষা হৈছে হিন্দী৷ ২০০১ চনৰ তুলনাত হিন্দী ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া লোকৰ সংখ্যা ২০১১ চনত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
২০০১ চনত ৪১.০৩ শতাংশ লোকে হিন্দীক মাতৃ ভাষা হিচাপে স্বীকৃতি দিছিল৷ বাংলা ভাষাই কথিত ভাষাৰ দ্বিতীয় স্থান দখল কৰি আছে৷ ইফালে, তেলেগু ভাষাক পিছ পেলাই মাৰাঠীয়ে তৃতীয় স্থানৰ আটাইতকৈ বেছি ব্যৱহৃত কথিত ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে৷