newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত কথিত ৰূপত আটাইতকৈ বেছি ব্যৱহৃত ভাষাটো হৈছে হিন্দী৷ ২০১১ চনৰ জনগণনাৰ ভিত্তিত কথিত ভাৰতীয় ভাষাৰ সংখ্যাত ৪৩.৬৩ শতাংশ লোকৰে মাতৃভাষা হৈছে হিন্দী৷ ২০০১ চনৰ তুলনাত হিন্দী ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া লোকৰ সংখ্যা ২০১১ চনত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

২০০১ চনত ৪১.০৩ শতাংশ লোকে হিন্দীক মাতৃ ভাষা হিচাপে স্বীকৃতি দিছিল৷ বাংলা ভাষাই কথিত ভাষাৰ দ্বিতীয় স্থান দখল কৰি আছে৷ ইফালে, তেলেগু ভাষাক পিছ পেলাই মাৰাঠীয়ে তৃতীয় স্থানৰ আটাইতকৈ বেছি ব্যৱহৃত কথিত ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে৷

সমীক্ষা অনুসৰি, দেশৰ স্বীকৃতিপ্ৰাপ্ত ২২ টা ভাষাৰ ভিতৰত সংস্কৃত হৈছে আটাইতকৈ কম লোকে ব্যৱহাৰ কৰা ভাষা৷ ভাৰতৰ আটাইতকৈ পুৰণি ভাষা সংস্কৃত মাত্ৰ ২৪,৮২১ জন লোকেহে নিজৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে৷ উল্লেখ্য যে, সংস্কৃত ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা বড়ো, মণিপুৰী, কংকণী আৰু ডোগৰী ভাষীতকৈও কম৷

২০১১ চনৰ জনগণনা সংখ্যা অনুসৰি, ভাৰতীয় ভাষাসমূহত সূচীবদ্ধ নহোৱা ভাষাৰ ভিতৰত ২.৬ লাখ লোকে ইংৰাজীক নিজৰ মাতৃভাষা হিচাপে কয়৷ এই ভাষা ব্যৱহাৰকাৰীৰ ১.০৬ লাখ লোক মহাৰাষ্ট্ৰ নিৱাসী৷ তামিলনাডু আৰু কৰ্ণাটকতো ইংৰাজী ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া লোক আছে৷

আনহাতে, সূচীবদ্ধ নহোৱা ভাষাসমূহৰ ভিতৰত ৰাজস্থানত ব্যৱহৃত ভিলী/ভিলোৰী ভাষাই প্ৰথম স্থানত আছে৷ এই ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় ১.০৪ কোটি৷ সুচীবদ্ধ নহোৱা ভাষাৰ দ্বিতীয় স্থানত আছে গোন্দী ভাষা৷ এই ভাষা ২৯ লাখ লোকে মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে৷

২০০১ চনৰ তুলনাত ২০১১ চনত বাংলা ভাষাক মাতৃভাষা হিচাপে স্বীকাৰ কৰা লোকৰ সংখ্যা পূৰ্বৰ ৮.১১ শতাংশৰ পৰা ৮.৩ শতাংশলৈ বৃদ্ধি হৈছে৷ ইফালে, মাৰাঠী ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা ২০০১ চনৰ ৬.৯৯ শতাংশৰ পৰা বৃদ্ধি হৈ ২০১১ চনত ৭.০৯ শতাংশ হয়৷ ইয়াৰ বিপৰীতে তেলেগু ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা ৭.১৯ শতাংশৰ পৰা হ্ৰাস হৈ ৬.৯৩ শতাংশ হয়৷

এই ভাষাৰ সূচীত ২০০১ চনত ৫.০১ শতাংশ ভাষিকৰে ষষ্ঠ স্থানত থকা উৰ্দু ভাষা ২০১১ চনত ৪.৩৪ শতাংশলৈ হ্ৰাস পাই তালিকাৰ সপ্তম স্থানলৈ অৱনমিত হয়৷ ইয়াৰ বিপৰীতে গুজৰাটী ভাষাই ৪.৭৪ শতাংশ ভাষিকৰে তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হয়৷

ইফালে, ভাষা সূচীৰ দ্বাদশ স্থান অধিকাৰ কৰি আছে অসমীয়া ভাষাই৷ ২০০১ চনত অসমীয়া ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া লোকৰ সংখ্যা আছিল ১৩,১৬৮,৪৮৪ জন৷ অৰ্থাৎ ভাৰতৰ ১.২৮ শতাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল৷ ২০১১ চনত এই সংখ্যা বৃদ্ধি পাই ১৫,৩১১,৩৫১ জন লোকে অসমীয়া ভাষাক মাতৃভাষা কৰি লয়৷ ২০১১ চনত সমগ্ৰ দেশত ১.৩১ শতাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে৷