newsnextone.com | লংকাঃ হোজাই জিলাৰ লংকাৰ নখুঁটি আৰক্ষী চকীৰ অন্তৰ্গত আমবাৰীত বুধবাৰে স্থানীয় ৰাইজে তিনিগৰাকী সন্দেহজনক ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, ধৃত ব্যক্তিকেইজনে আমবাডী গাঁৱৰ এজোপা গছৰ তলত কাৰোৱাৰ বাবে অপেক্ষা কৰি ৰৈ থাকোতেই স্থানীয় ৰাইজৰ মনত সন্দেহ ওপজে৷ ৰাইজে ব্যক্তিকেইজনৰ ওচৰ চাপি সোধ-পোছ কৰাত সন্দেহ অধিক ঘনীভূত হোৱাত নখুঁটি আৰক্ষীক এই সন্দৰ্ভত খবৰ দিয়ে৷ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সন্দেহযুক্ত ব্যক্তি তিনিজনক আটক কৰে যদিও এজন পলাই যাবলৈ সক্ষম হয়৷