68
কাছাৰঃ তিনিহাজাৰ টকাৰ বিনিময়ত ভাৰতত প্ৰৱেশ কৰিব পাৰে বাংলাদেশৰ নাগৰিকে৷ উন্মুক্ত সীমান্তৰে যেতিয়াই ইচ্ছা তেতিয়াই দালালৰ সহায়ত ভাৰতত সোমাই বেহা-বেপাৰ কৰাৰ লগতে থাকিব পাৰে নিগাজিকৈ৷
কৰিমগঞ্জত ৰেল আৰক্ষীয়ে আজি দুজনকৈ বাংলাদেশী নাগৰিকক আটক কৰাৰ পাছতে এই ভয়াৱহ সত্য পোহৰলৈ আহে৷ ৰাজ্যত বাংলাদেশী বিতাড়নৰ বাবে কেইবাটাও দশক ধৰি আন্দোলন অব্যাহত আছে যদিও বিতাড়নটো দূৰৈৰ কথা প্ৰতিদিনে বাংলাদেশীয়ে ৰাজ্যত অনুপ্ৰৱেশ কৰিহে আছে৷